পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/১৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ১৩১ )


ৰাম ৰামেতি ৰামেতি, ৰামেতি যে জল্পন্ত্যপি সব্বদা।
তেষাং ভক্তিশ্চ মুক্তিচ ভবিষ্যতি ন সংশয়ঃ॥


ঘোষা॥ জয়তি লক্ষ্মণ ৰাম।

পদ।

লক্ষ্মণ সুগ্ৰীৱ দুইজন।
পালে গৈয়া গিৰি প্ৰস্ৰৱণ॥
পৰম পুৰুষ বসিছন্ত।
দেখি দুয়ো প্ৰণাম কৈলন্ত॥ ৫৫৫
সুগ্ৰীৱ অঞ্জলিকৃত হুয়া।
এক পাশে বসিলন্ত গৈয়া॥
দেখি ৰামে অল্প হাঁসিলন্ত।
সজ্জন গৰিহা গৰিহন্ত॥ ৫৫৬
শুনিয়ো সুগ্ৰীৱ কহোঁ হিত।
শঠ মিত্ৰে মৰণ সন্নিত॥
সৰ্পে সমে যিটো বাসা কৰে।
তাৰে মৃত্যু মিলিবে সত্বৰে॥ ৫৫৭
সেহি মত তুমি মোৰ মিত্ৰ।
সাধিলা আমাৰ সব কৃত্য॥
জানি এভোঁ কৰিয়ো যতন।
যেন হোৱে জানকী লভন॥৫৫৮