পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/১৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

( ১৬০ )


সৈন্য সব ষড়াইবাৰ[১] কাৰণে গোসাঁই।
দিন চাৰি পাঞ্চ থাকিয়োক এহি ঠাই॥
প্ৰভু দেৱ সমীপক একেলগে যাওঁ।
যদি তযু পদে প্ৰভু এহি আজ্ঞা পাওঁ॥৫৫১
হেন শুনি আনন্দিত লক্ষণ কুমৰ।
হাঁসিয়া বোলন্ত ধন্য ধন্য কপিবৰ॥
বিলম্ব নকৰি সৈন্য যড়য়ো সত্বৰ।
সবে হন্তে চলি যাও পাশে শ্ৰীৰামৰ॥৫৫২
শুনিয়া সুগ্ৰীৱ পুনু দূত পঠাইলন্ত।
নানা দেশ হন্তে সবে সৈন্য যড়াইলন্ত॥
আনন্দে লৰিয়া গৈল শ্ৰীৰামৰ ঠায়।
সৈন্যৰ আন্দোলে পথে ধূলা উৰি যায়॥৫৫৩
কিচ্‌ কিচ্‌ কুক্‌ কুকি সৈন্যৰ আন্দোল।
সৰ্ব্বলোকে চমকিল পালে স্বৰ্গ কোল॥
কহে কৃষ্ণ চৰণে অনন্ত মূঢ়মতি।
বোলা ৰাম ৰাম সবে সমাজে সম্প্ৰতি॥ ৫৫৪

⸻⸻

[২]


  1. ডাইবাৰ = গোটাবৰ।
  2. নাঠি-হানি, ক্ষতি।