পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/১৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

( ১১৫ )


ঘোষা॥ এ ভকত সুলভ জানকী বল্লভ
জগত দুৰ্ল্লভ ৰাম।
কৌশল্যা তনয়   ৰাম দয়াময়
তুমি দেৱ পূৰ্ণকাম॥


দুলড়ী।

সীতাৰ নিষ্ঠুৰ  বাণী শুনি ক্ৰুৰ
 ৰাৱণ ক্ৰোধে বোলয়।
তোক বলে ধৰি  নিবো নিজ পুৰী
 দেখোহো কোনে ৰাখয়॥
এহি বুলি বেগে  ধৰি সেহি চেগে
 কৰি কোলে তুলি লৈল
চতুৰ্দ্দিকে চাৱে চকিত স্বভাবে
 ৰথ বাহি বেগে গৈল॥৪৯২
সীতায় দেখিল যুগ বুৰি গৈল
 স্মৰে মনে হৰি হৰি।
স্বামী নাহিকন্ত কোনে ৰাখিবন্ত
 মোক নেই দূৰ কৰি॥
দীৰ্ঘস্বৰে আই ক্ৰদন্ত কৰন্ত
 স্বামীক গেড়ি পাৰন্ত।[১]


  1. গেড়িপাৰ বা গেড়িমাৰ-আটাহপাৰি মাতা।