পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/১৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

( ১১৪ )


হেনয় ৰাৱণ আসি ভৈলোঁ তযু পাস।
ৰামক তেজিয়া বান্ধৈ কৰ মোত আশ॥ ৪৮৭
যত পটেশ্বৰী মোৰ হব তোৰ দাসী।
যেহি খোজ সেহি দিবো থাকিবো উপাসি॥
মানুষ ৰামক বান্ধৈ দূৰে পৰিহৰ।
মই সমে যুগে যুগে ৰাজ্য ভাগ কৰ॥ ৪৮৮
হেন শুনি ক্ৰোধে সীতা বুলিলন্ত বাণী।
দূৰ গুচ পাপিষ্ঠ অধম লঘূ প্ৰাণী॥
নিলাজ বান্দৰ তোৰ এতমান সাস।
চুকৰ ভাকুলি[১] হুয়া গঙ্গাস্নানে যাস॥৪৮১
ৰাঘৱৰ ভাৰ্য্যাক তোহোৰ ভৈল মন।
তীখাল খণ্ডাত জিহ্বা ঘসৰে দুৰ্জ্জন॥
হাতে তুলি কালকুট পিলিক চাস।
সপুত্ৰ বান্ধবে পাপী হৈবি সৰ্ব্বনাশ॥৪৯০
আনে বহুতৰ বাক্য বুলিলন্ত আই।
সঙ্খেপ পদত তাক দিবে নুযুৱাই॥
শ্ৰীৰাম দেৱৰ কথা শুনা সৰ্ব্বলোক।
ৰাম ৰাম বুলি সবে নিস্তাৰ হুয়োক॥৪৯১

⸻⸻


  1. ভাকুলি ভেকুলি।