পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/১৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১১৬

হে ৰাম ৰাম প্ৰভু আসি ৰাখা
 ৰাৱণে মোক হৰম্ভ৷ ৪৯৩
হে বাপু লক্ষ্মণ শীঘ্ৰে আসিয়োক
 ৰাখিয়োক মোৰ বাপ।
তোমাৰ বচন নধৰি হে মই
 লভিলোঁ ঘোৰ সন্তাপ॥
এহিমতে আই কান্দতে লৈ যাই
 ৰাৱণে ৰথত তুলি।
পৰ্ব্বত শিখৰে  জটায়ু আছন্ত
 শুনিলন্ত গল মেলি॥৪৯৪
জানিলা সীতাক  ৰামৰ ভাৰ্য্যাক
 ৰাৱণে লৈ যাই হৰি।
মহা বেগে গৈয়া  ৰথ ভাঙ্গিলন্ত
 অনেক ভৰ্ছনা কৰি॥
সীতাক কোলাত  লৈয়া ৰাৱণাই
 নামিল মাটিত যাই।
পিঠিত চৰিলা  মাংসক টানিলা
 প্ৰচণ্ড ঠোঁটৰ ঘাই॥৪৯৫
সীতাক মাটিত  থৈয়া সম্বুন্ধীয়া
 আছে চন্দ্ৰ হাস ধৰি৷


 সন্ধুকিয়া—স্থিৰ হৈ, সাজু হৈ