পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/১৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ১১০ )


ৰাৱণে আছয় চাই গৈলেক লক্ষ্মণ।
তপস্বীৰ বেশে আসি ভৈল তেতিক্ষণ॥৪৮২
বেদ পঢ়ি আশীস দিলে বাহু তুলি।
যি কিছু আছয় ভিক্ষা আনি দিয়ো বুলি॥
তপস্বী বোলয় ইটো দুৰ্ঘোৰ বনত।
কি কাৰণে আছা কেহোঁ নাহিকে লগত॥৪৮৩
কোন বিধি তোমাৰ ৰূপক স্ৰজিলেক।
জগতৰ ৰূপ আনি তোমাতে থৈলেক॥
কাহাৰ জীয়াৰী তুমি কাহাৰ ঘৰিণী।[১]
কিবা নাম তোমাৰ কহিয়ো সুলক্ষিণী॥ ৪৮৪
জনক নন্দিনী মই নাম মোৰ সীতা।
দশৰখ পুত্ৰ শ্ৰীৰামৰ বিবাহিতা॥
পিতৃবাক্য পালি ৰাম বনে আসিলন্ত।
লক্ষ্মণ সহিতে মৃগ মাৰিবে গৈছন্ত। ৪৮৫
আসিলে ফলে-মুলে পূজিব চৰণ।
খানিক বিলম্ব কৰিয়োক মহাজন॥
উদবেগ মনে সিটো বোল খৰ কৰি।
তপস্বী নুহিকো মই জানিবা সুন্দৰী॥৪৮৬
জগতে ৰাৱণ যাক শুনি আছা কাণে।
যাহাৰ সমান বড় নাহি ত্ৰিভুৱনে॥


  1. ঘৰিণী-ঘৈণী।