সমললৈ যাওক

পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/১৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(১১০)


ভাতৃৰ ৰধত পাপিনীৰ কষ্ট মন।
ৰাৱণৰ আগে গৈয়া ভৈলা উতপন॥
কাণ নাক কাটা দেখি ৰাৱণ বিস্ময়।
কোনে দণ্ড কৰিলেক বুলিয়া পোচয়॥৪৬৯
তাই বোলে দুগোটা তপস্বী বনে আছে।
ভুৱন মোহিনী কন্যা আছে দুইৰ কাষে॥
তোমাক লাগিয়া আনিবাক গৈলো খেদি।
দেখিয়ো খেদালে মোৰ নাক কাণ ছেদি॥৪৭০
মই যাই খৰ-দুষণত দিলো জান।[]
ঘোৰ যুদ্ধে দুইকো মাৰিলে সেহি থান॥
চৈধ্যয় সহস্ৰ ৰাক্ষসৰ লৈলে প্ৰাণ।
সি দুইক মাৰি দদা কন্যা গোট আন॥৪৭১
সি কথা শুনিয়া ৰাৱণ কামাতুৰ।
খৰ-দুষণৰ শোক কৰিলেক দূৰ॥
ৰাম কথা শুনি তেজিয়োক আন কাম।
নিৰন্তৰে নৰে ডাকি বোলা ৰাম ৰাম॥৪৭২


  1. জান—জাননী, বাতৰি।