এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
( ১০৯ )
তাই গৈয়া খৰ-দুষণৰ আগে কৈল।
সসৈন্যে ৰামক খেদি দুয়ো আসি ভৈল॥
সৈন্যৰ কহ্লোল ৰোল বাদ্য ভণ্ড শুনি।
লক্ষ্মণক চাই ৰামে বুলিলন্ত বাণী॥৪ ৪
দেখিয়ো লক্ষ্মণ হেৰা ঘোৰ যুদ্ধ ভৈল।
শূৰ্পনখী নাককাটী[১] সবে কাৰ্য্য কৈল॥
শীঘ্ৰ কৰি গহ্বৰে সীতাক লৈয়া যায়ো।
জানকীক ভালে ৰাখি আপুনি থাকিয়ো।৪৬৫
মই সব ৰাক্ষস বলক সংহৰোঁ॥
সমস্ত ঋষিৰ আজি শূলক উদ্ধাৰোঁ॥
এহি বুলি ভকত বৎসল ভগৱন্ত।
চৈধ্যয় সহস্ৰ ৰাক্ষসক মাৰিলন্ত॥৪৬৬
ঘোৰ যুদ্ধে খৰ দুষণৰ লৈলা প্ৰাণ!
দুইৰো পতনে ভূমি তলবলমান॥
যেতিক্ষণে খৰ-দুষণ পৰি গৈলা।
বাদ্য ভণ্ড মহোৎসৱ দেৱতাৰ ভৈলা॥ ৪৬৭
জয় জয় ৰাম বুলি পুষ্প বৰষিলা।
প্ৰভুৰামে জানকী লক্ষ্মণ লাগ লৈলা।
শূৰ্পনখী দেখি ধৰ-দুষণ পড়িল।
ৰাৱণৰ পাশে তাই কান্দতে লড়িল॥৪৬৮
- ↑ নাক কাটী–নিলাজী