পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/১৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ১১১ )


কৰ্ম্মনা বাধ্যতে বুদ্ধিন্ন বুধ্যা কৰ্ম্ম বাধ্যতে।
সুবুদ্ধিৰপিৰামোহয়ং হৈমং হৰিণমম্বগাৎ।

ঘোয়া॥ ৰাম দীন-বন্ধু, ৰাঘৱ দীন-বন্ধু॥

পদ।

তেতিক্ষণে আসি ভৈলা মাৰীচৰ ঠাই।
সীতা হৰোঁ মই মোৰ হুয়োক সহায়॥
মাৰীচে বোলয় তোৰ কট-কটায়[১] ঘাৰ।
যাৰ শৰে মোক আনি পেলাইল ইপাৰ॥৪৭৩
তাহান ভাৰ্য্যাক তই হৰিবাক চাস।
কিয় পাপা দিন দুপৰতে চক্ষু খাস॥
এখনে পালটি চল শুনৰে ৰাৱণ।
ৰামক জোঙ্কাস কিয় যমে দি শৰণ॥৪৭৪
হেন শুনি ৰাৱণে বুলিল খৰবাণী।[২]
এতক্ষণে কাটি তোক থম খণ্ডা হানি॥
যাইবি নযাইবি কহ মোহোৰ আগত।
মাৰীচে গুণয় মৰোঁ ৰামৰ হাতত॥৪৭৫
এহি বুলি লড়ি গৈলা দণ্ডকাৰ বন।
সুবৰ্ণৰ মৃগগুটি ভৈল তেতিক্ষণ॥
সুবৰ্ণে মাণিকে তনু ভুমুকা ভুমুকি।
তেতিক্ষণে দেই দেখা তেতিক্ষণে লুকি॥৪৭৬


  1. কটকটায়-খুজুৱায।
  2. খৰবাণী-টান কথা।