পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/১৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

( ১০৮)

তেহেঁ চিনি মাতিলন্ত দেৱ ৰাঘৱক।
তোমাৰ পিতৃৰ সখী জানিবা আমাক॥৪৫৮
শুনিয়া ৰাঘৱে কৰিলন্ত বহুমান।
তেহে সমন্বিতে গৈলা পঞ্চবটী বন॥
গোদাবৰী জলে স্নান-পান কৰিলন্ত।
ফল মূল ভুঞ্জি সবে তৃপিতি ভৈলন্ত॥৪৫৯
শ্ৰীৰাম লক্ষ্মণ থাকিলন্ত সেহি বনে।
জটায়ু আসিলা পাছে আপোনাৰ থানে॥
ৰাম লখমণ সীতা বঞ্চবটী বনে।
ফল মূল ভুঞ্জি আছে আনন্দিত মনে॥৪৬০
সেহি বনে ৰাৱণৰ ভগা শূৰ্প নখী।
ফুৰন্তে ভ্ৰমন্তে তাই তাসম্বাক দেখি॥
ৰামৰ সুন্দৰ ৰূপ দেখি ৰাক্ষসিনী।
ভোলহুয়া লক্ষ্মীবেশ ধৰিলেক ধনী॥৪৬১
হাঁসি হাঁসি আসি শ্ৰীৰামক বোলে বাক।
শুনিয়ো সুন্দৰ বৰ ভজিয়ো আমাক॥
তোমাৰ লখিমী মই আসিলোঁ আপুনি।
ৰাৱণৰ বহিনী চপায়ো মোক জানি॥৪৬২
মোহোৰ ৰমণী আছে তোক কাৰ্য্য নাই।
হেন শুনি সীতাক খাইবাক খেদি যাই॥
দেখি ৰামে লক্ষ্মণক আদেশ কৰিলা।
লক্ষ্মণে ধৰিয়া নাক কাণক ছেদিলা॥৪৬৩