এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
( ১০৭ )
যেন মতে ইল্লল বাতাপা দুই ভাই।
মাযামেষ মাৰি ঋষিগণ মাৰি খাই॥৪৫৩
পাছে অগস্থি দুইকো নিৰ্যাণ কৰিল।
এহি কথা কহি তান আশ্ৰমে থেকিল[১]॥
অগস্তি দেখিলা প্ৰভু ৰাম আসিলন্ত।
পৰম আদৰে আগ বাঢ়ি আনিলন্ত॥৪৫৪
তিনিয়ো ঋষিৰ পাৱে প্ৰণাম কৰিলা।
ঋষিয়ো আদৰে বসাই বুলিবে লাগিলা॥
জগত ঈশ্বৰ তুমি বিষ্ণু অৱতাৰ।
কি পুণ্যে দেখিলোঁ প্ৰভু চৰণ তোমাৰ॥৩৫৫
জানিলোঁ পৱিত্ৰ হৈল আমাৰ আশ্ৰম।
তুমি কৃপাময় প্ৰভু গুণে অনুপম॥
নানা তুতি কৰি ফল মূলে অৰ্চ্চিলন্ত।
দিব্য এক ধনুখণ্ড ৰামক দিলন্ত॥৪৫৬
অক্ষয় তূণক দিলা শৰে পৰিপূৰ্ণ।
অগস্থিয়ে বৰ্ণালা ধনুৰ যত গুণ॥
কোনস্থানে বঞ্চো ৰামে পুছিলা বচন।
অগস্থি বোলন্ত ভাল পঞ্চবটী বন॥৪৫৭
তাহাঙ্ক প্ৰণাম কৰি ৰাম মহা ভাগ।
কতো বেলি যান্তে পালা জটায়ুক লাগ।
- ↑ থেকিল-পালে।