সমললৈ যাওক

পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/১২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
(৭৮)

আশীৰ্ব্বাদ দিয়ো পিতৃ চলিলোঁ বনক।
বিস্তৰ বুলিলে। মই সাত লক্ষ্মণক॥
নমানে মোহৰ বাক্য সিটো দুইজন।
হয়। আছে সাজ দুয়ো যাইবে ঘোৰ বন॥৩১৯
হেন শুনি ৰাজা বোলে নিশ্বাস ফোকাৰি।
ভৈলোঁ সৰ্ব্বনাশ নাৰী সঙ্গে সত্য কৰি॥
তোমাক কি বনক পঠাইবে মোৰ সাধ।
কৈকেয়ী শাঁখিনী মোক কৰিবে উৎসাদ॥৩২০
তুমি এৰি গৈলে বাপু পৰাণ তেজিবো।
এতেকে তোমাৰ সঙ্গে বনে চলি যাইবো॥
কুলৰ প্ৰদীপ বাপু নিয়ো মোক সঙ্গে।
কৈকেয়ী ৰাক্ষসী ৰাজ্য খাক মহাৰঙ্গে॥৩২১
হেন শুনি ৰামে তাঙ্ক বুলিলা আশ্বাসি।
গভীৰে সাগৰ তুমি ৰাজা সূৰ্য্যবংশী॥
তুমি বনে যাইবে ইটো উচিত নহয়।
সমস্ত প্ৰজাৰ পিতৃ তুমিহে আশ্ৰয়॥৩২২
এতেকে থাকিয়ো শোক মোহ পৰিহৰি।
পুত্ৰ পত্নী যত দেখা সপোনৰ সৰি॥
এক ভগৱন্ত মাত্ৰ সত্য বিচাৰত।
সিহেতু ভজিয়ো মাত্ৰ তান চৰণত॥৩২৩


উৎসাদ-ধ্বংস। সবহি-সকলোৱে। সাধ-ইচ্ছা; বাঞ্চা।