এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
(৭৯)
যেবে তান ভকতি কৰাহা দৃঢ় মতি।
অবিলম্বে মোক্ষ পাবা কহিলো সম্প্ৰতি॥
হেন শুনি কৈকেয়ী ৰাক্ষসী মহা কাল।
লাজ এৰি তেখনে আনিলা বৃক্ষছাল॥৩২৪
ৰাঘৱক চাই বোলে তেজ অলঙ্কাৰ।
ছাল পিন্ধি বনে চল ধৰ জটা ভাৰ॥
এহি শুনি ৰামে পিন্ধিলন্ত সেহি ছাল।
স্ত্ৰী ভৈলে ছাল পিন্ধিবাক নুহি ভাল॥৩২৫
সীতায়ে কান্দতে ৰামে বস্ত্ৰৰ উপৰে।
আৰিলন্ত লক্ষ্মণো পিন্ধিলা অনন্তৰে॥
হেন দেখি যত মহাদই যত লোকে।
ভূমি লুটি কান্দে পীড়িলেক বৰ শোকে॥৩২৬
কৈকেয়ীৰ কৰ্ম্মক দেখিয়া দশৰথ।
মূৰ্চ্চা গৈয়া পৰিলন্ত নিজ আসনত॥
ফুকন্তে জপন্তে কতো বেলি ধাতু আইলা।
সুমন্ত্ৰক চাই ৰাজা বচন বুলিলা।৩২৭
শুনিয়ো সুমন্ত্ৰ শীঘ্ৰে ৰথ সাঁজি আন।
সমস্ত প্ৰজাক এতিক্ষণে দেহ জান॥
ৰামৰে লগতে গৈয়া পাতিবো নগৰী।
কৈকেয়ীক দেওঁ ৰাজ্য সৰ্ব্বশূন্য কৰি॥৩২৮
সবি-সদৃশ। মহাদই- মাদৈ; ৰাজমহিষী