পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/১২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
(৭৭)

সুমন্ত্ৰক পঠাইলন্ত ৰাম নাৰায়ণ।
জনায়ো পিতৃত আমি চলিলোহোঁ বন॥
ৰাজাৰ আগত সুমন্ত্ৰয়ে জনাইলন্ত।
ৰাম লখমণ সীতা বনে চলি যান্ত॥৩১৪
শুনি দশৰথ মহা শোকাৰিষ্ট হৈল।
কতক্ষণে কৈকেয়ীক বুলিবাক লৈল॥
শুনৰে কৈকেয়ী তোৰ ধৰোঁ চৰণত।
ৰাম লখমণ সীত ৰাখিয়ো ঘৰত॥৩১৫
অনেক কাৰ্পুণ্য কৰি বুলিলা বিস্তৰ।
তথাপিতো ক্ৰুৰমতী নিদিলা উত্তৰ॥
শীঘ্ৰে ৰাম সীতাক আনিয়ো মোৰ ঠাই।
তেতিক্ষণে সুমন্ত্ৰয়ে আনিলেক যাই॥৩১৬
সিংহাসন হন্তে ৰাজা দেখিলা ৰামক।
আলিঙ্গি ধৰিবে লাগি বঢ়াইলা পাৱক॥
ধৰিবাক নপাৰি পৰিলা মুৰ্চ্চা যাই।
ৰামে তুলি থাপিলন্ত আশ্বাসি বুজাই॥৩১৭
কৌশল্যা সুমিত্ৰা যত আছে মহাদই।
ৰাজাক আৱৰি শোকে সবহি কান্দয়॥
কতোক্ষণে দশৰথে লভিলা চেতন।
নমস্কাৰ কৰি ৰামে বুলিলা বচন॥৩১৮


কাৰ্পুণ্য কৰি- বিনয় ভাবে,কাকুতি কৰি।