পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/১২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
( ৭৬ )

যেন ছাঁয়া শৰীৰক নেৰে কদাচিত।
তুমি তেনে মোৰ স্বামী জানিবা নিশ্চিত॥
ইতৰ নাৰীৰ থান নেদেখিবা মোক।
তযু সঙ্গে এতিক্ষণে মোৰ মৃত্যু হৌক।৩০৯
আশ্বাসিয়া ৰামে তাঙ্ক বুলিলা সাৰি।
দুৰ্ঘোৰ বনক তুমি যাবা কেন কৰি॥
সিংহ ব্যাঘ্ৰ ভল্লুক জোক পোকে আছে ভৰি।
সুমৰন্তে ভয় লাগে যেন যমপুৰি॥৩১০
এতেকে থাকিয়ো তুমি অযোধ্যা নগৰী।
সীতাযে বোলন্ত যাইবো তযু সেৱা কৰি।
ভাল ভাল বুলি প্ৰভু আশ্বাস কৰিলা।
ৰাম সীতা লক্ষ্মণ তিনি সাজ ভৈলা॥৩১১
যতেক ভণ্ডাৰ মানে সমস্ত বিলাইলা।
সীতা মিতিনীক নিজ অলঙ্কাৰ দিলা॥
ৰজাক নমিবে প্ৰতি তিনিও গৈলন্ত।
অযোধ্যাৰ যত প্ৰজা লগে লৰিলন্ত॥৩১২
কোঢাল উঠিয়া যায় ক্ৰন্দনৰ ধ্বনি।
‘হা ৰাম’ ‘হা সীতা’ 'লখমণ' শুনি॥
এহিমতে ভূমি পাৱে যান্ত তিনি জন।
ৰাজাৰ দুৱাৰে গৈয়া ভৈলা উপসন॥৩১৩


থান-নিচিনা।