সমললৈ যাওক

পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/১২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
(৭৫)

শুনি ৰামে নিশ্বাস ফোকাৰি তেতিক্ষণ।
কহিবে লাগিলা প্ৰভু কৰি দুঃখ মন॥
কি কহিবো আমাৰ বৃত্তান্ত যেন ভৈল।
বিধাতায়ে উলট পালট কৰি থৈল॥ ৩০৪
সত্য কৰাই কৈকেয়ী ভৰতে দিলা ৰাজ।
মোহোৰ চলিবে লাগে ঘোৰ বন মাজ॥
এহি মোৰ দুখ বান্ধৈ মনে আসৰিশ।
তোক তেজি বনে যাওঁ চৈধ্যয় বৰিষ॥৩০৫
ভুবন মোহিনী সুলক্ষিণী বিতোপনী।
ত্ৰিভুবনে তোৰ সম নাহি একোজনী॥
হেন তুমি মোৰ প্ৰাণ-প্ৰিয় কণ্ঠাহাৰ।
এৰি তোক কেনে প্ৰাণ ৰহিব আমাৰ॥৩০৬
এহি বুলি ভকত বৎসল ভগৱন্ত।
ভকত সীতাক স্নেহ কৰি কান্দিলন্ত॥
ৰাঘৱৰ শোকে শোকাৰিষ্ট সীতা শান্তী।
চৰণত ধৰি কান্দি কান্দি বুলিলন্তি॥৩০৭
হেনয় ঘাতক বাক্য বোলা কি কাৰণ।
মই পতিব্ৰতা তুমি স্বামী মোৰ প্ৰাণ।
তোমাক তেজিয়া চাই থাকিবোহো কাক।
ভাল শিক্ষা পিতৃ-মাতৃ দিলন্ত আমাক॥ ৩০৮


শোকাৰিষ্ট-শোকান্বিত, শোকত ডুব যোৱা।
আসৰিশ- অসদৃশ; বৰ প্ৰৱল।