পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/১২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

পুত্ৰৰ আক্ৰোশ দেখি  পাছে মুছি মুখ আখি
 গলে বান্ধি বিস্তৰ শিখাইলা।
আপোন চৰণ-ধূলি  দুই শীৰে দিলা তুলি
 দুইকো চুম্বি তেবে আদেশিলা॥২৯৮
লক্ষ্মণক আশ্বাসিয়া  ৰামে পাছে বুলিলন্ত
 থাকা তুমি মাতৃ প্ৰতিপালি।
কৌশল্যা সুমিত্ৰা দুয়ো মাতৃ মোৰ মৰিবন্ত
 পুত্ৰশোকে হুয়াতি বাউলী॥
লক্ষ্মণে বোলন্ত দদা মোক হেন নুবুলিবা
 তুমি পিতৃ-মাতৃ গুৰুজন।
অধিক বোলাহা যেবে  তোমাৰ আগতে তেবে
 খণ্ডাহানি মৰিবো এখন॥২৯৯
শুনি ৰামে বিষ্ণু বিষ্ণু  স্মৰি বুলিলন্ত পাছে
 তোৰ যেন মন তেন কৰ।
এহি বুলি তেতিক্ষণে  প্ৰবেশ ভৈল গৈয়া
 যৈত আছে জানকীৰ ঘৰ॥
শুনা সভাসদজনে  ৰামৰ চৰিত্ৰ কেনে
 শ্ৰৱণতে মিলে মহানন্দ।
ধন জন সুখ যত  মিলায় ইসমস্তক
 পৰলোকে দেই পৰম্পদ॥