পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/১২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
(৭২)

হেৰা মাতৃ এতিক্ষণ  চলিলোহোঁ ঘোৰ বন
 আশীৰ্বাদি দিয়োক বিদায়।
কিন্তু খেদ এহিমান  দুখ মোৰ নাহি আন
 তোমাক পালিব কোনে আই॥
শুনি গোসানীৰ মাথে  নিৰ্ঘাত পৰিলা যেন
 মূৰ্চ্চা গৈয়া পৰিলন্ত তাতে।
মাতৃ মৰিলন্ত বুলি  দুয়ো ভাই ধৰি তুলি
 জল থপিয়ান্ত তান মাথে॥ ২৯৬
পাছে সচেতন হৈয়া  পুত্ৰক কোলাত লৈয়া
 কান্দি কান্দি বুলিলা নিষ্ঠুৰ।
যাব খোজ বনবাস  মাতৃক বধিবাক চাস
 মোক মাৰা কোন ধৰ্ম্ম তোৰ॥
নযাইবি নযাইবি বাপু  ঘোৰ বনবাসে তই
 যদি যাস মোক নেস লগে।
দুগুটি মা-পোৱে বাপু  একে লগে থাকিবোহোঁ
 ৰাজ্য-ভোগ ঐশ্বৰ্য্য নলগে॥২৯৭
অনেক কাৰ্পুণ্য  কৰি ৰাম পাছে বুলিলন্ত
 কেনে খাওঁ পিতৃৰ বচন।
দিয়া আজ্ঞা শুভক্ষণে  শঙ্কা নকৰিৰ মনে
 কৈতো নাহি মোৰ অকল্যাণ॥