পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/১২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৭১)

যত লোক অযোধ্যাৰ  আচম্বিতে বজ্ৰপাত
 ভৈলা যেন সবাৰে মাথাত।
অন্নপান পৰিহৰি  কান্দে হা, হা, ৰাম বুলি
 দশদিশে শুনি অসংখ্যাত॥২৯৩
ৰাম লখমণ দুই  কৌশল্যাৰ ঘৰে গই
 মাতৃক নমিলা দুখ মনে।
কৌশল্য দুইকো দেখি  আশীষ-চুম্বন দিয়া
 সাদৰে মাতিলা তেতিক্ষণে॥
আজি ৰাজ হৈয়া বাপু  সৰ্ব্বলোক পালিবাহা
 তযু পিতৃ কহিছে আমাত।
এতেকেসে তযু হিত চিন্তি ঈশ্বৰক নিত
 পূজোঁ ব্ৰত ধৰিয়া সাক্ষাত॥২৯৪
এবে কি কাৰণে বাপু  মলিন দেখোহেঁ মুখ
 কয়ো প্ৰাণ-পুত্ৰ মোৰ আগে॥
ৰামে বুলিলন্ত চাই  শুনিয়োক মোৰ আই
 কথা কহিবাক লাজ লাগে।
কৈকেয়ী ৰাজাত মাগি  ভৰত ভাতৃক লাগি
 ৰাজ্য লৈলা কি কৈবো মহিমা।
চৈধ্যয় বৰিষ মান  ঘোৰ বনে মোৰ থান
 আমাৰ কাৰ্য্যৰ এহি সীমা॥ ২৯৫