পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/১১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
(৬৮)

দেখিয়া ৰামৰ মনত অসুখ
 কৈকেয়ীত পুছিলন্ত।
শুনিয়োক মাৱ কিকাৰ্য্যে পিতৃৰ
 দুঃখ ভৈল অপৰ্য্যন্ত॥
মোহোৰ পিতৃৰ ত্ৰিজগতে যিটো
 চিন্তি আছে অনিহিত।
ইন্দ্ৰ যম আদি যত দিগপাল
 তাকে কৰোঁ চুৰ্ণীকৃত॥২৮৭
মোহোৰ সমান ক্ষত্ৰী নাহি মাৱ
 ত্ৰিজগতে কেহোঁ আৰ।
সমস্ত কাৰ্য্যক সাধিবাক পাৰোঁ
 বাপৰ দুঃখ কিসৰ॥
কিন্তু পিতৃ মোক আজ্ঞা নকৰন্ত
 মুণ্ড তুলি মুখ চাই।
এতেকেসে মই উপায় নাপাওঁ
 শুনিয়ো কৈকেয়ী আই॥২৮৮
কৈকেয়ী বোলয় তোমাৰ পিতৃৰ
 সবে জানোঁ মই কাজ।
ভৰতক ৰাজ্য দিবেক নৃপতি
 তোক পঠাই বন মাজ॥


অনিহিত-অহিত, অনিষ্ট।