এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
(৬৯)
চৈধ্য বৰিষেক লাগিয়া বনক
যাহা তুমি এহি বেলে।
তুমি যাবে থাকা তাৱত নৃপতি
জানিবা মাথা নোতেলে॥২৮৯
এতেক বচন শুনি তেতিক্ষণ
ৰামৰ উঠিল হাঁস।
বোলন্ত ঔ আই ৰাজ্য কাজ নাই
হেৰা চলো বনবাস॥
ভৰত ভাতৃক প্ৰাণ দিতে পাৰোঁ
কোন চাৰ ৰাজ্য সুখ।
কোন অপৰাধ কৰিলো পিতৃৰ
নাচাইলা মোৰ মুখ॥ ২৯০
এহি বুলি তেতি ক্ষণে উঠিলন্ত
প্ৰণামি পিতৃৰ পায়।
লক্ষণ সহিতে লৰিলা তেখনে
আপোন মাতৃৰ ঠাই॥
শুন সব লোক ইটো দুঃখ শোক
আমাকেসে দেখাৱন্ত।
আমাৰেসে দুখ সমস্ত নিকাৰ
ৰাম পূৰ্ণ ভগৱন্ত॥ ২৯১