পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/১১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
(৬৭)

ৰজাৰ আদেশ শুনি ৰঘুনাথে
 সাদৰে চালিলা গাৱ॥
সীতায়ে বোলন্ত চলিয়োক প্ৰভু
 আপুনি পিতৃৰ ঠাই॥২৮৪
ৰাজ্য অভিষেক কৰিবাক লাগি
 পঠাইলা মাতি সাদৰি।
এহি বুলি আগ বঢ়াই থৈলন্ত
 সীতা কতিপয় ভৰি॥
পিতৃৰ পাশক চলন্তে ৰামক
 দেখিলেক যত প্ৰজা।
আনন্দে বোলয় কিনো মহোদয়
 আজি হৈব ৰাম ৰাজা॥ ২৮৫
লোক মহোৎসৱ দেখিয়া ৰাঘৱ
 পাইলন্ত পিতৃ ঠাই।
নমস্কাৰ কৰি ৰাঘৱ শ্ৰীহৰি
 ৰহিলা পিতৃক চাই॥
শ্ৰীৰাম পুত্ৰক দেখিয়া ৰাজাৰ
 শোক অগ্নি লাগি গৈল।
কতোক্ষণে পাছে ৰামচন্দ্ৰ বুলি
 পুনু মৌন হুয়া ৰৈল॥২৮৬