পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/১১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬৬

বাদ্যভণ্ড বোল দেখিয়া আন্দোল
 গৈলন্ত ৰামৰ দিশ।
দেখিলা গম্ভীৰ  ৰামৰ মন্দিৰ
 কৈলাশ গিৰি সদৃশ॥
হীৰক মাণিক সুবৰ্ণ ফটিক
 প্ৰবাল বৈদুৰ্য্য মানে।
সেহি গৃহমাজে লগায়া আছয়
 দেখিলেক থানে থানে॥ ২৮২
তাহাৰ মাজত সুবৰ্ণ খাটত
 বসি আছে ৰামচন্দ্ৰ।
দুৰ্ব্বাদল শ্যাম তনু অনুপম
 হাস্য শোভে মন্দ মন্দ॥
কন্দৰ্প কোটিৰ গৰ্ব্ব করে চূৰ
 লাৱণ্য মধুৰ বেশ।
সীতায়ে আছয় চামৰ দোলন্তে
 ভৈল মন্ত্ৰী পৰবেশ॥২৮৩
আদেশ বুলিয়া নমস্কাৰ কৰি
 কৃতাঞ্জলি মন্ত্ৰীবৰ।
বোলন্ত চলিবে লাগে প্ৰভুদেব
 হুয়াছে আজ্ঞা বাপৰ॥