পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/১১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৬৫)

উঠিয়োক মহা-  ৰাজা দশৰথ
 বেলি ভৈল বহুতৰ।
শ্ৰীৰাম চন্দ্ৰক ৰাজ্য জোকাৰিয়ো
 শুভ লগ্নে নৃপবৰ॥২৭৯
বেলি ভৈল বুলি সমস্ত গৈলেক
 সচেতন কৰিবাক।
কৈকেয়ী ঘৰত আছে দশৰথ
 দেখিলা গৈয়া ৰাজাক।
প্ৰণাম কৰিয়া  কৃতাঞ্জলি বোলে
 প্ৰভু শীঘ্ৰে উঠিয়োক।
শ্ৰীৰামক ৰাজ্য জোকাৰিবে প্ৰতি,
 আসি আছে পাত্ৰলোক॥ ২৮০
শুনি নৃপবৰ বোলন্ত সত্বৰ
 ৰাম পাশে মন্ত্ৰী যাহা।
শ্ৰীৰাম চন্দ্ৰক আমাৰ পাশক
 সত্বৰ কৰি আনাহা॥
শুনি মন্ত্ৰীবৰ গৈলেক সত্বৰ
 ৰামৰ পাশক চলি।
দেখিলা প্ৰজাৰ আনন্দ অপাৰ
 ৰাম ৰাজা হৈবে বুলি।২৮১