পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/১১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৬৩)

বসন-ভূষণ তেজি ক্ৰোধ মনে
 মাটিত পৰিয়া আছে।
দেখিয়া নৃপতি মহা দুঃখে আতি
 মাতিবে লাগিলা পাছে। ২৭৪
প্ৰাণতো অধিক মোৰ প্ৰিয়া তুমি।
 দুখ কৰা কি কাৰণে।
যিবা বস্তু লাগে  কৈয়ো মোৰ আগে
 এক ৰামচন্দ্ৰ বিনে॥
শুনিয়া দাৰুণী বুলিলেক বাণী
 শুনিয়োক নৃপবৰ।
পূৰ্ব্বে দুই বৰ দিয়া আছা মোক
 দিয়োক তাক সত্বৰ। ২৭৫
এক বৰে দিয়ো ভৰতক ৰাজ্য
 আউৰ বৰে ৰামক।
চৈধ্য বৎসৰক লাগি এতিক্ষণে
 পঠাই দিয়ো বনক॥
হেন শুনি দশ ৰথৰ মাথাত
 যেন বজ্ৰপাত ভৈল।
ক্ৰোধ কৰি পাছে  পাপিষ্ঠা কৈকেয়ীক
 ৰাজাই বুলিবে লৈল॥২৭৬