পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/১১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৬২)

এহিমতে নানা বাক্য বুলি বিহৰাইলা।
কুঁজী-বুদ্ধি লৈয়া ৰোহ ঘৰত সোমাইলা॥
শুনিয়োক সভাসদ দুষ্ট সঙ্গ বল।
অসন্তৰ সঙ্গে নষ্ট সজ্জনসকল॥২৭২
দ্বিবিধৈ ককেয়ী শত ধনু তিনি হন্ত।
অধমৰ সঙ্গে আতি অধম ভৈলন্ত॥
জানিয়া অসন্ত সঙ্গ কৰা উপশাম।
মৰুখ অনন্তে কহে বোলা ৰাম ৰাম॥২৭৩

ঘোষা॥ ওঁ হৰি ৰাম  ৰঘুপতি ৰাঘৱ
 তুমি জগতৰ স্বামী।
ভকত তাৰণ তোমাৰ চৰণে
 শৰণ পশিলোঁ আমি

ত্ৰিপদী।

পাছে দশৰথ কৈকেয়ী-ঘৰত
 প্ৰবেশিলা ৰঙ্গ কৰি।
গৃহত নাপাই ৰোহ ঘৰ যাই
 দেখিলন্ত প্ৰাণেশ্বৰী॥


ৰোহঘৰ- ৰজাৰ পৰিয়ালৰ মানুহে খং কৰি থাকা ঘৰ।
উপশাম-হ্ৰাস; ত্যাগ।