পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৷৷৴৹

 শ্ৰীৰাম কীৰ্ত্তনৰ মূল ক’ত? গ্ৰন্থ কৰ্ত্তাই লিখিছে :-

সাতকাণ্ড ৰামায়ণ বাল্মীকি কৃত।
তাৰ সাৰ উদ্ধাৰিয়া কৰিলা বিদিত॥
ৰামায়ণ চন্দ্ৰিকা থৈলন্ত তাৰ নাম।
কলাপ চন্দ্ৰ যে দ্বিজ মহন্ত উপাম॥ ৬
তাৰ সাৰ অৰ্থ কাঢ়ি কি কৈবো অধিক।
উপযুক্ত নহো মই জ্ঞানতো অল্পিক॥
তথাপিতো হৃদি গুৰু দেৱ অনুগ্ৰহে।
তাৰ অৰ্থ যেন পাওঁ কহিবো সংগ্ৰহে॥ ৭
কীৰ্ত্তনৰ ছন্দে আৰু ৰচিবে পয়াৰ।
শ্ৰীৰাম কীৰ্ত্তন নাম জানিবা ইহাৰ॥

 এতেকে শ্ৰীৰাম কীৰ্ত্তনৰ মূল “ৰামায়ণ চন্দ্ৰিকা।” ইয়াক কলাপ চন্দ্ৰ দ্বিজে লিখিছিল। অনন্ত আতাই ৰামায়ণ চন্দ্ৰিকাকে কীৰ্ত্তনৰ ছন্দত ভাঙ্গিছিল। পুথিখন পঢ়িলে বুজিব পাৰি, তেৰাই পুথিৰ অনুবাদ কৰা নাই; তাৰ ছাঁ লৈ ৰামায়ণক অসমীয়া সাজ পাৰ দি কীৰ্ত্তনৰ ছন্দেৰে ৰচনা কৰিছিল। সুৰ কীৰ্ত্তনৰ দেখি বোধ কৰো তেৰাই তাৰ নাম শ্ৰীৰাম-কীৰ্ত্তন ৰাখিছিল।

 কলাপ চন্দ্ৰ দ্বিজ কোন?

 ৰামানন্দে লিখা গুৰু চৰিতত পোৱা যায়—শ্ৰীশঙ্কৰৰ পিতামহ ৺সূৰ্য্যবৰে শ্ৰীশঙ্কৰক লিখা-পঢ়া শিকাবলৈ পোনতে যি জনা গুৰুৰ ওচৰলৈ নিছিল তেওঁৰ নাম কলাপ