সমললৈ যাওক

পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

কেশৰী আছিল। এই কলাপ কেশৰীয়েই কলাপ চন্দ্ৰ দ্বিজ বুলি অনুমান কৰাটো বোধ কৰোঁ ভুল নহব।

কলাপ কেশৰী নামে এক ওজা
 আছন্ত সেহি গ্ৰামত।
আগত শঙ্কৰ পাছে সূৰ্য্যবৰ
 ভৈলা তান গৃহাগত॥

 শ্ৰীৰাম কীৰ্ত্তন, কীৰ্ত্তনৰ তাল মানত ৰচনা কৰিলেও শব্দ লালিত্যত সমান শাৰী পোৱা অসম্ভৱ। তদুপৰি ৰামায়ণ এটা ঐতিহাসিক ঘটনা; ভাগৱত হিন্দুৰসৰ্ব্বস্ব ভক্তিপূৰ্ণ মহাগ্ৰন্থ, কাজে কাজেই গুৰুক কীৰ্ত্তনৰ প্ৰভাৱত শ্ৰীৰাম কীৰ্ত্তন জঁয় পৰি আছে।

 শ্ৰীৰাম কীৰ্ত্তনক শিশু পাঠ্য কৰি দিবও পাৰি। ইয়াৰ ভাষা অতি সৰল আৰু যদিও ই অতি সংক্ষিপ্ত ৰামায়ণ, তথাপি আৱশ্যকীয় চৰিত্ৰ ইয়াৰপৰা এটাও বাদ পৰা নাই বুলিব পাৰি।

পুৱ কালাকুচি, কামৰূপ
২৫ আহাৰ
৪৭৬ শঙ্কৰাব্দা
বিনীত−
শ্ৰীহৰি নাৰায়ন দত্তবৰুৱা॥