সমললৈ যাওক

পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

৷৷৹

যদুও লগত গৈছিল আৰু গুৰুৰ সঙ্গত কাল কটাইছিল। অনন্ত আতা ডেকা কালত বোধকৰোঁ চতুভুৰ্জ ঠাকুৰৰ পত্নী আই লক্ষী বা কনকলতা আই উজাই আহি বৰদোৱা সংস্কাৰ কৰাৰ সময়তে লগতে নগাৱলৈ আহিছিল আৰু মায়াং অঞ্চলত ধৰ্মপ্ৰচাৰ কৰিছিল। তেৰাই কালশিলা সত্ৰ পাতে আৰু একেবাৰে শেষ বয়সত শ্ৰীৰাম কৰ্ত্তন লিখে। ইয়াৰ আগত “প্ৰেমলতা” † গ্ৰন্থ ৰচনা কৰে। চৰিত্ৰ মতে অনন্ত আতাক আহোম ৰাজে সম্ভৱতঃ শিৱসিংহে দণ্ডৱাত মাটি দিওঁ বুলিছিল, তেৰাই গ্ৰহণ নকৰিলে। পাচত তেৰাৰ পুত্ৰ ভুবনেশ্বৰ দেৱে ৰাজেশ্বৰ সিংহৰপৰা মাটি আৰু ভকত গ্ৰহণ কৰে।

 কালশিলা আসাম বেঙ্গল ৰেলৰ ধৰমতুল ষ্টেচনৰ ৬ মাইল উত্তৰ পূবে। বৰ্ত্তমানেও এই সত্ৰ আছে। অনন্ত আতাৰ বংশধৰ এই কালশিলা, বৰঙ্গাবাৰী, তামুলীবাৰী আৰু তৰাবৰী নামে ঠাইত বাস কৰে। ভুবনেশ্বৰ দেউক ৰাজেশ্বৰ সিংহ ৰজাই ৭০০ পুৰা ধৰ্ম্মোত্তৰ মাটি দিছিল; মৰানৰ উৎপাতত তামৰ ফলি হেৰায়। জীউৰাম আতাৰ দিনত ধৰ্ম্মোত্তৰ মাটি খাৰিজ হৈ কেৱল ২৪২৶১২ লোচা মাটি থাকে।


† এই পুথি আমি বিচাৰিব ধৰিছোঁ।