পৃষ্ঠা:শ্ৰীশ্ৰী হৰিদেৱ চৰিত্ৰ.djvu/৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
( ৭৬ )

শ্ৰীমন্ত পুৰুষ পাৰিজাতীনন্দ
অজৰ আনন্দ সিন্ধু৷
তাহান চৰণ পঙ্কজত মাগোঁ
কৃপা কৰা এক বিন্দু॥
তাহান পৰম কৃপাতে আমাৰ
চিত্তে উপজিলা মতি।
সেই অনুৰূপে  গুৰুৰ চৰিত্ৰ
ৰচিলোঁ পদ সম্প্ৰতি॥
পৃথিবীৰ যত  লোকক তাৰিবে
ভৈলা অংশে অবতাৰ।
তাহান চৰণ  পঙ্কজত মোৰ
কোটি কোটি নমস্কাৰ॥
নমো হৰি গুৰু  চৰণত ধৰোঁ
লয়ো মোক দাস কৰি।
দুষ্ট সংহাৰক  শিষ্টক পালক
তুমি কৃপাময় হৰি॥
হেন জানি সবে  ভজিয়ো গুৰুক
বিষয়ে ত্যেজিয়ো কাম।
দ্বিজ দিবাকৰে  বোলে কৰযোড়ে
ডাকি বোলা ৰাম ৰাম।


পদ।

থানেশ্বৰ বোলন্ত তুমি যে মোৰ বাপ।
তুমি বিনে কোনে নাশিবে মোহৰ তাপ॥