পৃষ্ঠা:শ্ৰীশ্ৰী হৰিদেৱ চৰিত্ৰ.djvu/৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
( ৭৩ )

গীতা ভাগৱত চাই বুজা অভিপ্ৰায়।
গুৰু বিণে সংসাৰৰ কাণ্ডাৰীত নাই॥
গুৰুক ভজিয়ো সবে ত্যজি আন কাম৷
বৈকুণ্ঠে চলিয়ো সবে বোলা ৰাম ৰাম॥


ছবি।

অজনাভ মহাসম্ভ গাৱে জৰ উঠিলন্ত
অনাইলন্ত জাতি নিঃশেষ।
শুনা জ্ঞাতি সব আতি শুনা পাৰিজাতি সতী
মোক লাগি এৰা অসন্তোষ॥
শুনা পুত্ৰ বংশধৰ ভাগৱত শাস্ত্ৰ সাৰ
মৃত্যুবেলা কহিয়ো আমাত।
তুমি পূৰ্ণ কাম হৰি জানি আছোঁ নিষ্ট কৰি
কেনমতে তৰোঁ সংসাৰত॥
হৰিদেবে যেন শুনি  ভাগৱত কৈলা আনি
পাইলা পাছে ভকতি সম্ভেদ।
দৈবকী নন্দন হৰি তাহাঙ্ক মনত ধৰি
মাথা পান কৰিলন্ত বেদ॥
মনৰ সংশয় গৈলা আত্মাক চিনিয়া পাইলা
ব্ৰহ্মক চিন্তন্ত কৰি ধ্যান৷
হৃদয়ত কৰধৰি বিষ্ণু মন্ত্ৰ যপ কৰি
অজনাভ ত্যজিলন্ত প্ৰাণ৷

১০