পৃষ্ঠা:শ্ৰীশ্ৰী হৰিদেৱ চৰিত্ৰ.djvu/৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৭৭ )

নিজ থান এৰি অনন্তরে কামৰূপ।
কি কাৰণে গৈলা প্ৰভু কহিয়ো স্বরূপ॥
যাহন্তে পন্থত কিবা কৰিলা গোসাঁই।
সুগম কৰিয়া মোত কহিয়ো বুজাই॥
জানোঁবা পাতকি মই তৰো সংসাৰত।
গুৰুৰ চৰিত্ৰ কথা কৰিয়ো বেকত॥
ধন্য ধন্য থানেশ্বর বুলি প্ৰশংসিলা।
গুৰুৰ চৰিত্ৰ কহিবাক আৰম্ভিলা।
উদার গোবিন্দ নিগদতি থানেশ্বর৷
সৌমাৰ দেশত লাগিলেক মহামাৰ॥
পৰিলেক প্ৰজাগণ ঘোৰ সমৰত।
কহিলেক দূতে যাই ৰজাৰ আগত॥
শুনিয়োক নৰেশ্বৰ কহো স্বৰূপত।
পৰিল বণর প্ৰজা অন্নৰ দুঃখত॥
হেন শুনি তাহাঙ্ক খঙ্গিলা নৰেশ্বৰ।
কিয় অন্ন নিদি প্ৰজা মাৰিলি বিস্তৰ॥
কহিয়ো কাৰণ আৰু শুনোঁ অভিপ্ৰায়।
কাটিবো তোহোক মই আজি ৰক্ষা নাই॥
দূত লোকে বোলে শুনিয়োক নৰপতি।
নাৰেণ পুৰত হৰিদেৱ মহামতি॥
কিবা মন্ত্ৰ কৰি মহি আছে সৰ্ব্বজন।
তপলীয়া ভাত নাখে এহিসে কাৰণ।
ৰাজা বোলে আমাৰ আদেশ লৈয়ো ধৰি।
বিচাৰিয়া তাঙ্ক আনিয়োক শীঘ্ৰ কয়ি॥