এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
পিতৃৰ মাতৃৰ মনে আনন্দ মিলিলা।
গুৰুৰ গৃহক হৰিদেৱ চলি গৈলা॥
প্ৰভুৰ মহিমা কহি কোনে পাব অন্ত।
চাৰি বেদ চৈধ্য শাস্ত্ৰ সকলো জানন্ত॥
তথাপি পঢ়ন্ত গুৰু লোকক দেখাই।
মনুষ্যৰ শ্ৰেষ্ঠ হেন ফুৰন্ত কৃপাই॥
পঢ়িলন্ত বেদশাস্ত্ৰ ভৈলা সমাপতি।
গুৰুক অৰ্চ্চিয়া গৃহে চলে মহামতি॥
আতপৰে সুভদ্ৰা ভগিনি উতপন।
যাৰ সম ৰূপ নাহি ইতিনি ভুবন॥
গণি পঢ়ি তাহাৰ সুভদ্ৰা নাম থৈলা।
তাত পৰে শুনিয়োক যেন কথা ভৈলা॥
শুনা সভাসদ পদ এক মন কৰি।
সংসাৰত তাৰন্তা নাহিকে বিণে হৰি॥
জয় জয় হৰি গুৰু কৃপাৰ সাগৰ।
হৰি ভকাত ৰত্ন কৰিলা প্ৰচাৰ॥
শ্ৰবণ কীৰ্ত্তন ধৰ্ম্ম কৰিলা বিদিত।
তাঙ্ক এৰি আনক ভজয় পাপী যত॥
হেনয় গুৰুক এৰি আন পন্থে যায়।
চৌৰাশি নৰকে ভুঞ্জে তাৰ গতি নাই॥
গুৰুদ্ৰোহী পাতকীৰ শুনিয়োক কথা।
সুকৃতি লভিবা শুনা কেশবৰ কথা॥
ৰাম নাম অমৃত সততে কৰি পান৷
গুৰুৰ চৰণ মনে কৰিয়োক ধ্যান॥