পৃষ্ঠা:শ্ৰীশ্ৰী হৰিদেৱ চৰিত্ৰ.djvu/৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

জগতৰ গুৰু হৈবে তােমাৰ তনয় ।
নিশ্চয় জানিবা আক নকবা সংশয়॥
পৰম ভক্তি-পন্থ দেখাইবে লোকক॥
এহি বুলি দৈবজ্ঞ যে চলিলা গৃহক॥
জাতকৰ্ম্ম আদি কৰি কৰ্ম্ম স্বকালত।
আজি কালি কৰি প্ৰভু বাঢ়ন্ত গৃহত॥
ভৈলা মহানন্দ অতি নাৰেণ পুৰত।
নাশিলা অধর্ম্ম ধৰ্ম্ম মিলিলা তহিত॥
হিংসা সূয়া এৰি প্রাণী তৈলা শান্তচিত্ত।
দুগ্ধাধিকা ধেনুগণ শস্য বিপৰীত॥
প্ৰভুক ঈশ্বৰ বুলি কেহুৱে নজানে।
সামান্য ব্রাহ্মণ শিশু বুলি মনে মানে॥
আপােনাৰ শিশু ততােধিক দয়া কৰে।
প্রভু মহিমা কহিবাক কোনে পাৰে॥
এহি মতে দশম বৎসৰ পুৰি গৈলা।
অতি অনন্তৰে পাছে যেন কথা ভৈলা॥
পৰম আনন্দে অজ পাৰিজাতি সতী।
নৱগুণ দিবাক দুইজনৰ ভৈলা মতি॥
পাছে গুৰু ব্ৰাহ্মণক আনিলন্ত মাতি।
দিলা উপনয়নক অজ মহামতি।
ধৰ্ম্মপতি গুৰু মন্ত্ৰে কৰি অভিষেক৷
দণ্ড কমণ্ডলু আনি দিলা সমস্তক॥
পাছে ব্ৰাহ্মণক দান কৰিলা বিস্তৰ৷
যজ্ঞ সমাপতি কৰিলন্ত তাত পৰ॥