দেবী পাৰিজাতি সতী হৰিষক পাইলা৷
নাৰীগণে আসি সবে মঙ্গল কৰিলা॥
পাছে অজে উঠি সবস্ত্ৰে করি স্নান।
দিলা দান সন্তোষিলা ব্রাহ্মণৰ মন॥
সিথত সিন্দুৰ দিলা নাৰী সমস্তক।
হালধি তৈলক দিলা সবে সমজ্যাক॥
দানে মানে সবাহাৰে সন্তোষিলা মন।
বেদ তিনি জাতকর্ম্ম কৰিলা তেখন॥
নখাই মাতৃস্তন মনত ভয় বৰ।
বৈদ্যগণে আসি দিলা ঔষধ বিস্তৰ॥
তথাপি নখাই স্তন দেখি মহা সতী।
কহিলা স্বামীত প্রভু শুনা মহামতি॥
তিনি দিন স্তন নখাই তােমাৰ তনয়।
দ্বিজ বলে জানা প্রিয়া আৰ অভিপ্রায়॥
পূর্ণব্ৰহ্ম অংশে জাত ভৈলেক তােমাত।
নখাই শিশু স্তন নাহি ভকতি তােমাত॥
হেন বাণী শুনি সতী চিন্তিলা হৰিক।
বাঢ়িল হৰিত ভক্তি ভুঞ্জিলা স্তনক॥
দেখি পিতৃমাতৃৰ যে আনন্দ মিলিলা।
তাত পাছে পঞ্চদিনে দৈবজ্ঞ আনিলা॥
শুভক্ষণে দৈবজ্ঞয়ো ৰাশিক গণিলা।
ৰাশি অনুসাৰে হৰিদেব নাম থৈলা॥
পূর্ণব্রহ্ম আসি অযু-গৃহে অবতাৰ।
মােক্ষপদ সাধিবেক ইৰাৰ তোমাৰ॥
পৃষ্ঠা:শ্ৰীশ্ৰী হৰিদেৱ চৰিত্ৰ.djvu/৭৬
অৱয়ব
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে