পৃষ্ঠা:শ্ৰীশ্ৰী হৰিদেৱ চৰিত্ৰ.djvu/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৩৬ )

হৰি গুৰু চৰণত কৰি নমস্কাৰ।
হৰগৌৰী সম্বাদক কৰিবো প্ৰচাৰ॥
শ্লোক ভাগি পদ বন্ধে লিখিবাক চাঁও।
যদি গুৰু ঈশ্বৰৰ কৃপাকণা পাঁও॥
কৈলাশ পৰ্ব্বতে সিতো অতি ৰম্যস্থান।
কত মুক্তা মাণিকে কৰে দীপ্তমান॥
সঙ্গ ৰক্ষ গন্ধবৰ কিন্নৰে সুশোভিত।
তাৰ মাজে হৰগোৰী বসিয়া আছন্ত॥
অহনিশি হৰি গুণ কীৰ্ত্তন কৰন্ত।
সদালাপে জগতেৰ হিতক চিন্তন্ত॥
একদিনা পতিব্ৰতা দেবী সে পাৰ্ব্বতী।
স্বামীৰ আগত প্ৰশ্ন কৰিলন্ত সতী॥
কলিৰ যুগত লোক হৈব অল্পমতি।
কিমতে সংসাৰ মাজে পাব অব্যাহতি॥
কোনবা দেবক চিন্তি তাৰিব সংসাৰ।
কোনে উপদেশ দাতা হুইবেক লোকৰ॥
হে প্ৰভো ভূতেশ প্ৰাৰ্থনা কৰোহো মই।
দয়া কৰি দেৱ বিস্তাৰি কহিযো বুজাই॥
পাৰ্ব্বতীৰ বচন শুনিয়া মহেশ্বৰ।
কিঞ্চিৎ বিলম্বে দিলন্ত উত্তৰ॥
সম্প্ৰদায় নিৰ্ণয়ক শুনা মন কৰি।
কলিৰ যুগত বৈকুণ্ঠৰ পৰা হৰি॥
শ্ৰীশঙ্কৰ নামে আসি অবতাৰ হৈব।
জ্ঞান ভক্তি উপদেশে লোক নিস্তাৰিব॥