পৃষ্ঠা:শ্ৰীশ্ৰী হৰিদেৱ চৰিত্ৰ.djvu/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৩৭ )

লোক তাৰিবাক হেতু পৃথিবীক আসি।
হৰিদেব ব্ৰাহ্মণত কহিব প্ৰকাশি॥
ভক্তিৰ যাচক হৰিদেব মহামতি।
তান আসে কহিবন্ত ভক্তিতত্ব সতী॥
হৰিদেব আগে ৰাম ৰামৰ হাতত।
পত্ৰ দিয়া শ্ৰীগুৰুই কহিব তাহাত॥
দামোদৰ দেব যে মহন্ত বিপ্ৰবৰ।
শঙ্কৰ কায়স্থ তেহে বৈষ্ণবতে সাৰ॥
এহি দুইজন হাতে গোপ্য পত্ৰ দিব।
অন্য লোকে দেখিবাক নিষেধ কৰিব॥
মহেশ্বৰ বচন শুনিয়া ভগবতী।
হৰক নমিয়া পুনু কহিলন্ত সতী॥
হৰিদেব নামে দ্বিজ কলিৰ কালত।
কাৰ অংশে উপজিব জন্মিব কৈত॥
হে দেব দেব মোত কহিয়ো বুজাই।
তুমি বিনে সংশয় ছেদন্তা আৰ নাই॥
দেৱ দামোদৰ আৰু বৈষ্ণব শঙ্কৰ।
কৈত হুইবেক জন্ম তাসম্বাৰ॥
ভবিষ্যত কথা শুনিবাক ইচ্ছা কৰো।
কহিয়োক ভয়হাৰি চৰণত ধৰোঁ॥
হৰ-গৌৰী সম্বাদৰ কথা বিতোপন।
এক মনে শুনা হবে শয়ন দমন॥
হৰিৰ কিঙ্কৰে কহে এৰি আন কাম।
পাপ দূর হৌক ডাকি বোলা ৰাম ৰাম।