সমললৈ যাওক

পৃষ্ঠা:শ্ৰীশ্ৰী হৰিদেৱ চৰিত্ৰ.djvu/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(৩০)

গুণাতীত শান্তগুণ গুণিগণ গণ্য।
তুলসীৰ মালা কম্বুকণ্ঠে কৰে ধন্য॥
বক্ষদেশে শোভা কৰে তিলোত্তমা অতি।
হবিদেৱ নাম দেৱক কৰোহো প্ৰণতি॥
ভক্তিদাতা ভাগৱত সংসাৰতে সাৰ।
ভূত দুঃখহাঁৰী ভক্তিগৰ্ভ ভাবুকৰ॥
ভবসিন্ধুমাজে ভ্ৰান্ত নৃ-কৰ্ম ধৰতি।
হৰিদেৱ নাম দেৱক কৰোহোঁ প্ৰণতি॥
একতোলা মান বিষ কৰিলা প্ৰদান।
বিষহাৰি তথা উগ্ৰবিষ কৰে পান॥
সাগৰ মন্থনে বিষ যথা পশুপতি।
হৰিদেৱ নাম দেৱক কৰোহেঁ প্ৰণতি॥
ভয়ঙ্কৰ কালসৰ্পে দংশিলে একবাৰ।
চেষ্টাহীন তেতিক্ষণে হয় মনুষ্যৰ॥
ভক্তিৰূপ অমৃতেৰে চিকিৎসা কৰোতি।
হৰিদেৱ নাম দেৱক কৰোহে প্ৰণতি॥
প্ৰফুল কমলদল সম দ্বিনয়ন।
ইষৎ মধুৰ হাস্য প্ৰসন্ন বদন॥
কপালে শোভিছে উৰ্দ্ধ পুৰন্দ তিলতি।
হৰিদেৱ নাম দেৱক কৰোহি প্ৰণতি॥
আজানুলম্বিত ভুজ নাসিকা সুন্দৰ।
ইন্দ্ৰব্ৰজ সমতুল দেখি কঙ্কালৰ॥
দালিম্বৰ বীজক বিনিছে দন্ত পাতি।
হৰিদেৱ নাম দেৱক কৰোহোঁ প্ৰণতি॥