(৩১)
হেমান্দ্ৰি পৰ্ব্বত অতি উচ্চত শিখৰ।
তাত শোভি আছে যথা শুদ্ধ গঙ্গাধৰ॥
শুদ্ধ শুক্ল যজ্ঞসুত্ৰে অঙ্গ কৰে জ্যোতি।
হৰিদেৱ নাম দেৱক কৰোহোঁ প্ৰণতি॥
ভ্ৰমৰগণৰ তুল্য নিজ ভক্তগণে।
চৌপাশে বেঢ়িছে মকবন্দ পান মনে॥
গুৰুৰ চৰণ পদ্ম উপাসায় অতি।
হৰিদেৱ নাম দেৱক কৰোহোঁ প্ৰণতি॥
শ্ৰীজগন্নাথ দেব কৃত, স্তব সুশোভন।
শুনা অতি অদভুত অশুভ নাশন॥
যদি ইষ্ট-শ্ৰেষ্ঠ-মুক্তি-পদ বাঞ্চা কৰা।
পৰম সুখদ স্তব ইটো সদা পাঠ কৰা॥
পাঠকৰা অন্যক পঠোৱা ত্ৰিসন্ধ্যাত।
ঘৰত বহি পাবাহা ভক্তি মুক্তি হাতত॥
মথিত্বা চতুৰো বেদান সৰ্ব্বশাস্ত্ৰানি চৈবহি।
সাৰন্তু যোগিভিঃ পীতস্তক্ৰং পিবন্তি পণ্ডিতাঃ॥
বেদ চতুস্তয় আৰু সমস্ত শাস্ত্ৰ মন্থন কৰি তাৰ নবনীত স্বৰূপ সাৰভাগ যোগিগণ পান কৰিছে; আৰু তাৰ অসাৰভাগ পণ্ডিত বিলাকে পান কৰে। সাধাৰণৰ জ্ঞান ভ্ৰান্ত জ্ঞান। এই জগতত অকল সৰ্ব্বব্যাপী চৈতন্য ব্যতিত আৰু আন একো সত্য পদাৰ্থ নাই। জীবমাত্ৰ ঘোৰ মায়া জালত বদ্ধ; এই মায়াজাল ছিন্ন কৰাৰ একমাত্ৰ উপায় ব্ৰহ্মজ্ঞান। ব্ৰহ্মজ্ঞান লাভ একদিনে নহয়। সৎগুৰুৰ উপদেশ মতে সৎগুৰুৰ