পৃষ্ঠা:শ্ৰীশ্ৰী হৰিদেৱ চৰিত্ৰ.djvu/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(২৬)

প্ৰভৃতি থকাৰ চিন এতিয়াও পোৱা যায়—এই গতিকে মানেৰীক সৰ্ব্বাপেক্ষা প্ৰধান সত্ৰ বুলি ধৰা হয়।

৺শ্ৰীশ্ৰীহৰিদেৱৰ প্ৰধান শিষ্য ৪ জন।

৺ষদুমণিদেৱ। এওঁ গুৰুৰ আদেশ মতে ১৪৭৫ শকঁত শিৱসাগৰ জিলাত ৺মাহৰা সত্ৰ স্থাপন কৰে।

৺নাৰায়ণদেৰ—এওঁ ১৪৭৫ শকঁত কামৰূপত শুভা সত্ৰ স্থাপন কৰে৷

৺হৰিচৰণদেৱ —এওঁ ১৪৭৫ শকঁত কামৰূপত জাগৰা সত্ৰ স্থাপন কৰে।

৺জগন্নাথদেৱ —-এওঁ ১৪৭৫ শকঁত কামৰূপত বৈণাকুচি সত্ৰ স্থাপন কৰে।

 ইয়াৰ বাহিৰে হৰিগুৰুৱে বৰতাতি আদি কৰি বাৰজন তাতিক স্বয়ং বহৰীত মেধী পাতি থৈলা।

 এইৰূপে শ্ৰী শ্ৰীহৰিগুৰুৱে অবশেষত ৺মানেৰীত উদাৰ গোবিন্দ, থানেশ্বৰ, আৰু আন আন ভক্তবৃন্দক লগতলৈ পূৰ্ণব্ৰহ্ম শ্ৰীকৃষ্ণদেৱত শৰণ সাধুসঙ্গত অব্যাভিচাৰী প্ৰেমভক্তিৰ চৰমপৰম সাধন, হৰিনাম শ্ৰবণ কীৰ্ত্তন ধৰ্ম্ম, আৰু মহাচাৰৰ প্ৰবৰ্ত্তন কৰি, ধৰ্ম্ম আৰু ৰীতি নীতিৰ পৰম পুৰুষাৰ্থৰ সংস্কাৰ কৰি গৈছন।

 উপসংহাৰত বক্তব্য যে শ্ৰীশঙ্কৰ, শ্ৰীহৰিদেৱ আৰু শ্ৰীমাধৱদেৱ --আসামৰ এই তিন জন মহাপুৰুষে আসামবাসিৰ শাৰীৰিক মানসীক আৰু আধ্যাত্মিক উন্নতিৰ বাট দেখুৱাই মহৎ উপকাৰ সাধি গৈছে। এই তিন জন মহাপুৰুষ আমাৰ প্ৰাতঃস্মৰণীয়।