পৃষ্ঠা:শ্ৰীশ্ৰী হৰিদেৱ চৰিত্ৰ.djvu/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(২৫)


স্থান আহাৰ দি ৰক্ষণাবেক্ষণ কৰিছে। জ্ঞানীৰ ওচৰত ধাৰ্ম্মিকৰ ওচৰত ইটোৱে সিটোৱে হিংসা কৰাৰ ইয়াত একোটো নাই।

 সেই কাৰণেই হৰিদেৱে ‘প্ৰাণীহিংসা বৰ ডাঙ্গৰ মহাপাপ বুলি কই গৈছে। এনে সংক্ষেপ, সৰল আৰু বিনাক্লেশে আচ- ৰিব পৰা মহাপ্ৰভুৰ পবিত্ৰ পন্থতো আজিকালি গুৰু সকলৰ আওকাণৰ নিমিত্তে কিছুমান বেমেজালি দেখা যায়। অনেক সময়ত গুৰু সকলৰ ভকত সকলৰ আগত অনাহকত নীৰিহ হাঁহছাগলাদি প্ৰাণীৰ হেজাৰ হেজাৰ বলি বিধান হয়। সত্ৰাধিকাৰী বাপু সকলে, ভকত সকলে যেন আদি গুৰুৰ অনতিপ্ৰেত এই সকল কৰ্ম্ম নিজে এৰি, আৰু শিষ্য সকলকো কৰিব নিদি, পৰম পবিত্ৰ ভাগৱতী নাম ধৰ্ম্ম শ্ৰবণকীৰ্ত্তন প্ৰচাৰ কৰি এই সনাতন বৈষ্ণব ধৰ্ম্ম নিখুত নিভাজ ৰাখি শ্ৰীশ্ৰীহৰিদেৱ গুৰুৰ প্ৰকৃত ভকত বুলি পৰিচয় দিয়ে এইয়ে আমাৰ সৰল গোঁহাৰী।

 ৺শ্ৰী শ্ৰীহৰিদেৱ মহাপ্ৰভুৱে ১৪৯০ শকঁৰ জেঠমাহৰ অমা- ৱশ্যা তিথিত তেওঁৰ নিজে স্থাপিত প্ৰধান পত্ৰ মানেৰীত বৈকুণ্ঠ পয়ান কৰিলা।

৺শ্ৰীশ্ৰীহৰিদেৱস্থাপিত প্ৰধান প্ৰধান সত্ৰ।

মানেৰী, নাৰায়ণপুৰ, হৰিপুৰ, মাহৰা।
শুভা, বৈণাকুচি, কৈহাটী আৰু যে জাগৰা॥

 কামৰূপে ৺ মানেৰী, উজনীত নাৰায়ণপুৰ আৰু কোচ- বেহাৰত ৺হৰিপুৰ এই তিন সত্ৰ সৰ্ব্বাপেক্ষা প্ৰধান।

 ৺মানেৰীত ৺শ্ৰী শ্ৰীহৰিদেৱৰ পদশীলা, লাখুটি আৰু মালা