হৰিদেৱৰ ধৰ্ম্মমত তলত দিয়া পদ কেই ফাঁকিৰ পৰা বেশ বুজা যায়। প্ৰভুৱে পদবন্ধে ভক্ত সকলৰ আগত কৈছে—
“হৰিৰ একান্ত ভক্ত আছে নিৰন্তৰ।
হৰি হেন মানি তাঙ্ক কাৰবা সাদৰ॥
স্নান কৰি মাধবৰ স্তোত্ৰক গাহিবা
পঞ্চ উপচাৰে হৰি পূজাক কৰিবা॥
তাত পৰে মাধৱক কবি স্তুতি নতি।
শিৰে নমস্কাৰ কৰি কৰিবা ভকতি॥
নিৰ্ম্মাল্য তুলসী লই প্ৰসাদ ভুঞ্জিবা।
আনন্দ কবিয়া হৰি কীৰ্ত্তন কৰিবা॥
শ্ৰবণ কীৰ্ত্তন ধৰ্ম্ম কৰিবা সদায়।
ভাগৱত ধৰ্ম্মৰ এহিসে অভিপ্ৰায়॥
বেদৰ বিহীত কৰ্ম্ম সদায় কৰিবা৷
কদাচিতো মহন্তক নিন্দা নকৰিবা॥
প্ৰাণীহিংসা নকৰিবা কৈনু সাৰে সাৰ।
প্ৰাণীহিংসা সম মহাপাপ নাহি আৰ॥”
পবিত্ৰ বৈষ্ণব ধৰ্ম্মৰ ভাগৱতী ধৰ্ম্মৰ মূলমন্ত্ৰ এই। এই একমাত্ৰ মহামাৰ্গ মহাপন্থা। এইয়েই সকল জগৎ গুৰুৰ- সকল অবতাৰৰ মহামন্ত্ৰ।
“হৰিৰ একান্ত ভক্ত আছে নিৰন্তৰ”--দেখোক কেনে উদাৰ ধৰ্ম্মভাৱ --কেনে বাদ বিসম্বাদ, সাম্প্ৰদায়িকতাৰ নামগন্ধ শূন্য। “হৰি হেন মানি তাঙ্ক কৰিবা সাদৰ”--কেনে সুন্দৰ জাতিভেদ শূন্য পবিত্ৰ ভ্ৰাতৃভাব বন্ধুভাৱ। মানবৰাজ্য প্ৰকৃতি ৰাজ্যৰ বাহিৰ নহয়। ভগবান প্ৰত্যেক সৃষ্ট জীৱকেই স্ব স্ব