(১২)
হৰিদেৱৰ তীৰ্থ
পৰ্য্য়টন আৰু সম
সাময়িক মহাপুৰুষ
শঙ্কৰদেৱ আৰু
চৈতন্য়দেৱ প্ৰকৃতিৰ
লগত প্ৰেমালিঙ্গন।
আগত কই অহা হৈছে যে আনুমানিক খৃঃ ১৪৪২ শকত সৌমাৰত এখন ঘোৰতৰ যুদ্ধ লাগিছিল। এই যুদ্ধই মহাপুৰুষৰ ধৰ্ম্ম ভাব বহলাই দিয়ে। এই যুদ্ধত ৰজাই সেনা- বিলাকক তপলীয়া ভাত খুৱাইছিল। সেনা-বিলাকে এই তপলীয়া ভাত চুৱা বুলি খাবলৈ সম্মত নোতহা-
ৰাত দুতে আহি ৰজাৰ আগত কলে যে হৰিদেৱ নামেৰে এজন
বামুনৰ লৰাৰ কুপৰামৰ্শত সেনাবিলাকে তপলীয়া ভাত নেখাই
বহুতে প্ৰাণ এৰিছে। ৰজাই এই কথা শুনি খঙ্গত জ্বলি
উঠি হৰিদেৱক ধৰি আনিবলৈ দূত পঠিয়ালে। দুতে ৰাজ
আজ্ঞা নিবেদন কৰাত মহা প্ৰভুৱে কথা বিষম ভাবি উদাৰ
গোবিন্দক তামুল পান আনি দিয়াৰ চলেৰে গৈ, ভিতৰৰ পৰা
সুভদ্ৰা দেৰীক লগত লই পলাবলৈ ইঙ্গিত দিলে। উদাৰ
গোবিন্দে প্ৰভুৰ আজ্ঞা মানি তাকে কৰিলে। অলপ পিচত
উদাৰ গোবিন্দে তামুল অনাত পলম কৰিছে এই চলেৰে
ভিতৰত গই হৰিদেৱ অন্তধ্যান হ’ল। ৰাজদূত নিৰাশ হৈ
গুচি গ'ল। হৰিদেৱে বিচাৰি অবশেষত ঘোৰ হাবিৰ মাজত
সুভদ্ৰা আৰু উদাৰ গোবিন্দক লগ পালে। প্ৰভুৰ আদেশ
পাই উদাৰ গোবিন্দে এখন ডাঙ্গৰ কলৰ ভেল সাজিলে।
এই ভেলত বাৰ দিন ভটিয়াই আহি তেওঁলোকে হাজো
পালে। ইয়াতে মাধৱ দৰ্শন কৰি প্ৰসাদ খাই আকৌ ভেলত
উঠে। কথিত আছে যে ইয়াতে হৰিদেৱে মাধৱৰ মালা
আনি নিজে মূৰত পিন্ধিছিল। ইয়াৰ পৰা-ভটিয়াই যাই মালি
পাৰাৰ বাটত ভেল বান্ধে। এই মালিপাৰা গাঁও আগেয়ে