পৃষ্ঠা:শ্ৰীশ্ৰী হৰিদেৱ চৰিত্ৰ.djvu/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(১১)

অজনাভৰ বহুদিন ধৰি সন্তানাদি হোৱাৰ একো সম্ভব দেখা নগৈছিল। তেওঁ বৰ ঈশ্বৰ পৰায়ণ আছিল। এদিন স্বপনত দেখিলে শ্ৰীবৎসাঙ্ক পীত বস্ত্ৰ ধাৰী, শ্যামবৰ্ণ, বনমালা সুশো- ভিত, শঙ্খ-চক্ৰ-গদা-পদ্মধাৰী পদ্মপলাশলোচন হৰি তেওঁৰ ওচৰলৈ আহি দৈববানী কৰিলে যে তেওঁৰ ঘৰত এজন মহাপুৰুষ জন্মিব। বাস্তবিকতে দ্বিজ শ্ৰেষ্ঠ অজনাভে এই স্বপ্ন দেখাৰ পিছতেই সতী পাৰিজাতী গৰ্ভ ধাৰণ কৰে আৰু দশ মাহ পূৰ্ণ হ’লত মহাপুৰুষ হৰিদেৱৰ জন্ম হয়। হৰিদেৱৰ সৰু কাল তেই মাক বাপেক ঢুকায়। তেওঁৰ সুভদ্ৰা নামেৰে এজনী ভনীয়েক আছিল। এওঁৰ লগতেই হৰিদেৱ ডাঙ্গৰ দীঘল হয়। হৰিদেৱৰ ধৰ্ম্মভাৱ সৰুৰে পৰা বৰ প্ৰবল আছিল। দেশৰ কু-আচাৰ, কু-নীতি দেখি সেইবোৰৰ বিৰুদ্ধে তেওঁ ঘোৰ প্ৰতিবাদ কৰিছিল। ঘোৰ তামসিকতাৰ ঠাইত উদাৰ সাত্বিক বৈষ্ণব ধৰ্ম্ম বিলোৱাই এই মহাপুৰুষৰ জীৱনৰ মুল- মন্ত্ৰ আছিল। এই কামত হাত দি সমাজৰ আৰু ৰাজ ঘৰৰ পৰা বহু লাঞ্চনা ভোগ কৰিব লগাত পৰিছিল। ইমান বেগ পাইও মহাপুৰুষে নিজ কৰ্ত্তব্য পাহৰা নাছিল। আৰু অৱশেষত জুইত পুৰা সোণৰ নিচিনা সমাজৰ চকুৰ আগত উজ্জ্বল বৰণ ধাৰণ কৰি পতিত সমাজক, বিপথগামী মনৱক, ধৰ্ম্মপথ দেখুৱাই দিয়ে। সেই সময়ত যাতায়াতৰ বিশেষ একো সুবিধা নাছিল, তথাপি মহাপুৰুষে বহুত দুখ কষ্ট অতিক্ৰম কৰি পুৰী প্ৰভৃতি বহুত তীৰ্থ স্থান পৰি দৰ্শন কৰি বহু সমাজৰ ৰীতি নীতি, আচাৰ ব্যৱহাৰ ধৰ্ম্মভাব বিষয় অভিজ্ঞতা লাভ কৰি কৰিছিল।