পৃষ্ঠা:শ্ৰীশ্ৰী হৰিদেৱ চৰিত্ৰ.djvu/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(১৩)


বড়পেটা মহকুমাৰ অন্তৰ্গত বহৰীৰ দক্ষিণে আছিল বুলি জনা যায়। এই গাওঁৰ গৰীয়া মালী নামেৰে এজনে অতি আদৰেৰে মাতি নি নিজ গৃহত প্ৰভু মহাভাগ অতিথি বুলি পূজা সৎকাৰ কৰি ৰাখে। ইয়াতেই প্ৰভুৱে খাগৰাক ভাগ- ৱতী ধৰ্ম্মৰ ভক্তিৰ লক্ষণ কয়। ইয়াৰ পিছত প্ৰভুৱে ওৰেষাত গৈ মহাপ্ৰভু জগন্নাথৰ পদবন্দনা কৰে গৈ। কথিত আছে যে সুভদ্ৰা দেবী জগন্নাথৰ মূৰ্ত্তি দেখি তেওঁক জগতস্বামী ভাবি তেওতে লীন গৈছিল।

 জগন্নাথ দেৱক পূজা বন্দনা কৰি ওলাই আহোতে মন্দিৰৰ দ্বাৰত হৰিদেৱে শ্ৰী শ্ৰীশঙ্কৰ দেৱক লগ পায়। বহুত কথা বাৰ্ত্তাৰ পিচত দুয়ো দুয়োক চিনি প্ৰেমালিঙ্গন কৰি নদীয়াৰ শ্ৰীচৈতন্য দেৱৰ ওচৰলৈ যোৱাৰ আলচ কৰিলে। হৰিদেৱে মালিপাৰাত খাগৰীয়াক ভক্তি লক্ষণ দেখুৱাই ভক্তি তত্ত্ব শিকায়। ইয়াৰ পৰা বুজা যায় যে চৈতন্যদেৱ আৰু শ্ৰীশঙ্কৰ দেৱক লগ পোৱাৰ বহুত আগৰে পৰা হৰিদেৱৰ ভক্তি পিপাসা বৰ প্ৰৱল আছিল। হৰিদেৱ আৰু শঙ্কৰদেৱ দুয়োজনাই একই ভক্তি মাৰ্গৰ পন্থী আছিল। প্ৰকৃত ভক্তি কি আৰু তাক কি দৰে অবলম্বন কৰিলে মানুহৰ সহজে জ্ঞান চক্ষু ফুটি ওলাব পাৰে তাকেহে বিচাৰি দেশে বিদেশে ফুৰিছিল।

 হিন্দুৰ কৰ্ম্ম বিজ্ঞানৰ আদৰ্শ সন্ন্যাস, ত্যাগ, ভোগ নহয়। কৰ্ম্মবীৰ ত্যাগী, যোগী জগত-তথ্য অনুসন্ধানে ব্যস্ত। এই কৰ্ম্মীত্য়াগীৰ ওচৰত সৰু বৰ, জাতি অজাতি, ভেদাভেদ নাই কিয়া। হিন্দুৰ ধৰ্ম্মপ্ৰাণ জানে যে কৰ্ম্মই আসক্তি নাশৰ মূল ভিত্তি। এই উপদেশ পোৱাৰ বাবে জীবন্মুক্ত স্বয়ং শুৰুদেৱও