পৃষ্ঠা:শ্ৰীশ্ৰী হৰিদেৱ চৰিত্ৰ.djvu/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(১০)


দেবাৰ্চ্চনপৰো নিত্যমাসীৎ কাশ্যপ গোত্ৰতঃ॥
তস্মাৎ জজ্ঞে গুণৈঃ শ্ৰেষ্ঠঃ কৃষ্ণদন্তঃ বুদ্ধিমান।
হৰদত্তঃ ততোজাতঃ সৰ্ব্বগুণৈৰলঙ্কতঃ॥
হৰদত্তাদুমাকান্তঃ পঞ্চানন্দস্ততো ভবৎ॥
পঞ্চানন্দাৎ সুতো জজ্ঞে সূৰ্য্য়বৰো মহামতিঃ॥
অজনাভস্ততোজাতঃ সৰ্ব্বশান্ত্ৰ বিশাৰদঃ।”

 এই শ্লোকৰ পৰা আমি জানোঁ যে কাস্য়প গোত্ৰীয় তপোধ্যয়ন যুক্ত নৰোত্তমৰ লৰা কৃষ্ণদত্ত, তেওঁৰ পুত্ৰ হৰদত্ত, হৰদত্তৰ পুত্ৰ উমাকান্ত, উমাকান্তৰ লৰা পঞ্চানন্দ, পঞ্চানন্দৰ লৰা সূৰ্য্য়বৰ, সূৰ্য্য়বৰৰ লৰা অজনাভ।

 পালবংশৰ অবসানত সেন বংশৰ অভ্য়ুত্থান হয়। এই বংশৰ প্ৰসিদ্ধ নৃপতি নীলধ্বজে প্ৰাগজ্যোতিষপুৰৰ (গুৱাহাটী) পৰা ৰাজধানী তুলি লৈ ৰঙ্গপুৰৰ অন্তৰ্গত কমতাপুৰত ৰাজধানী স্থাপন কৰে। দুৰ্ল্লভনাৰায়ণ এই বংশীয় নৃপতি সকলৰ মাজত সৰ্ব্বাপেক্ষা প্ৰধান আৰু পৰাক্ৰমী বিদ্যোৎসাহী আৰু গুণগ্ৰাহী আছিল। এই দুৰ্ল্লভ নাৰায়ণে (খৃঃ ১৪৫২-খৃঃ ১৪৭২ শকৰ মাজত) গৌড়ে- শ্বৰৰ পৰা সাত ঘৰ ব্ৰাহ্মণ আৰু সাত ঘৰ কায়স্থ নিজ দেশলৈ আনি বেটি বান্দী আৰু বৃত্তি বিধান দি স্থাপিত কৰে। ব্ৰাহ্মণ সাত জনৰ ভিতৰত কৃষ্ণ পণ্ডিত নামেৰে এজন আছিল। এই কৃষ্ণ পণ্ডিতেই আনুমানিক আমাৰ মহাপ্ৰভু হৰিদেৱৰ উপৰি বংশ তপোধ্যয়ন যুক্ত নৰোত্তমৰ লৰা কৃষ্ণদত্ত হব পায়।

 মহাপুৰুষ সকলৰ জন্ম প্ৰায় অলৌকিক ঘটনাৰে পৰিপূৰ্ণ। মহাপ্ৰভুৰ পিতৃ অজনাভে সতী পাৰিজাতিক বিয়া কৰায়।