(১৩৭)
লীন গৈলা সুভদ্ৰা ঈশ্বৰ জগন্নাথে।
বিদায় ভৈলা হৰিগুৰু প্ৰণামিয়া মাথে॥
মানেৰীত আসি হৰিগুৰু স্থিতি ভৈলা।
ভাগৱত শাস্ত্ৰখন, প্ৰচাৰ কৰিলা॥
হৰিগুৰু দামোদৰ আৰু ৰাম ৰাম।
শঙ্কৰ মাধৱ সহিতে অনুপাম॥
সবে লগলাগি শুনে মহা ভাগৱত।
হৰিগুৰু ব্যাখ্যা কৰে অপাৰ আনন্দত॥
শঙ্কৰ গুৰুৱে শ্লোক ভাঙ্গি পদ কৰে।
এহিমতে হৰিগুৰুই ভকতি প্ৰচাৰে॥
গুৰুৰ মহিমা যত সবে নষ্ট ভৈলা।
লোকক তাৰিয়া গুৰুবৈকুণ্ঠে চলিলা॥
কহে দ্বিজ ৰমাকান্তে গুৰুক সুমৰি।
গুৰুৰ চৰণ চিন্তি বোলা হৰি হৰি॥
গীত-
সখিহে গতনিশি শ্যাম গৈছে ফিৰি।
ৰাধা ৰাধা বুলি কত ডাকিছে মেৰি॥
পদ-
বনমালা বংশী তাৰ ফেলি গৈছে দ্বাৰে।
দিবা নিশি জাগি জাগি চিন্তোহোঁ তাৰে॥
হে প্ৰাণ সখি আনি দিয়া মোৰ শ্যাম কানু।
তাহাৰ বিৰহে ছাৰোঁ এই পাপ তনু।
কহে দ্বিজ দিবাকৰে ৰাধা ভাগ্যৱতী।
জনমে জনমে হৌক হৰিত ভকতি॥
৺দ্বিজ ৰমাকান্ত হৰিগুৰুৰ এজন ভক্ত আছিল। এওঁ কামৰূপৰ
কুলবিল সত্ৰত জন্ম গ্ৰহণ কৰে।
১৮