সমললৈ যাওক

পৃষ্ঠা:শ্ৰীশ্ৰী হৰিদেৱ চৰিত্ৰ.djvu/১৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

১৩৬

পুন দৰশন লাগি  চিত্ত মোৰ অনুৰাগী
 প্ৰাণ মম অথিৰহি ভৈলা॥
মই প্ৰভু ভক্তিহীন  তুমি অতি ভক্তাধীন
 এহিমাত্ৰ শুনিয়াছো সাৰ।
কহিতে মহিমা তব  বেদ আদি পৰাভব
 সংসাৰ সাগৰে কৰা পাৰ॥
সজীব নিৰ্জীব সবে  তোমাৰ সৃজন ভবে
 তুমি সকলৰ প্ৰাণাৰাম।
জগত ব্যাপিয়া স্বামী  আত্মাৰও আত্মা তুমি
 মূলাধাৰ ৰূপ অবিৰাম॥
মই অতি মূঢ়মতি  নজানোঁ ভকতি স্তুতি
 তোমাৰ দুই চৰণক আশ।
অত্যন্ত অধম বুলি  ঘৃণা পৰিত্যাগ কৰি
 কৰি লৈয়ো তযু নিজ দাস॥

গীত—

জয় জয় হৰি গুৰু দেৱ অৱতাৰ।
পৰম অমূল্য ভক্তি কৰিলা প্ৰচাৰ॥

পদ—

নাৰায়ণ পুৰে গুৰু অৱতাৰ ভৈলা।
অজনাভ বিপ্ৰৰ তনয় নাম লৈলা॥
তপলীয়া ভাত গুৰু খাইতে নিষেধিলা।
ৰাজাৰ কুনীতি দেখি ভঠিয়াই আইলা॥
উদাৰ গোবিন্দ সঙ্গে সুভদ্ৰা ভগিনী।
মাধবক আসি প্ৰণামিলা ভিন্নি ভিন্নি॥
মাধবৰ মালা পাই হৰিষিত ভৈলা।
তাৰ পৰা ভঠিয়াই শ্ৰীক্ষেত্ৰক গৈলা॥