সমললৈ যাওক

পৃষ্ঠা:শ্ৰীশ্ৰী হৰিদেৱ চৰিত্ৰ.djvu/১৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(১৩৮)


সম্বৰণ—

হৰি ও হৰি ৰাম ৰাম হৰি ও হৰি ৰাম ৰাম,
হৰি ও হৰি ৰাম ৰাম। কৃষ্ণ ৰাম নাৰায়ণ,
গোবিন্দ জয় জয়, গোপাল গোবিন্দ ৰাম,
গোবিন্দ হৰি ৰাম গোবিন্দ হৰি ৰাম, ৰাম ৰাম ৰাম॥

গীত—

মোকে কৃপা কৰা হৰিগুৰু কৰুণা সাগৰ স্বামী।
তোমাৰ যুগল চৰণে আশা কৰি আছো আমি॥

পদ—

ব্ৰহ্মা মণুহৰ কপিল কুমাৰ নাৰদ শুক সনন্দে।
তোমাৰ অৰুণ-চৰণ পঙ্কজ সেৱন্ত কত প্ৰবন্ধে॥
তাসম্বাক দেখি তোমাৰ চৰণ সেবিবাক কৰোঁ আশা।
সিংহৰ গতিক যথা শিৰা মই ভৈলোহোঁ বুদ্ধি নাশা॥
মোৰ দুৰাশাৰ, ভকতৰ নষ্ট নাই বুলি, আছা বানী।
মই পাপাচাৰে তোমাক ভজিতে আশা কৰোঁ তাকে জানি।
তুমি সত্য-সন্ত আপুনাৰ নিজ বচনক সত্য কৰা।
তোমাৰ ভৃত্যৰ ভৃত্যেৰ কিঙ্কৰ বুলি মোক প্ৰভু ধৰা॥
তোমাৰ অনাদি অবিদ্যা মায়ায় মুহি আছে মোৰে।
তোমাক নজানি, দেহক মই বুলি, মজিলোঁ অকুল সাগৰে।
কহয় দ্বিজ দিবাকৰে পাৰ কৰা দয়াময় হৰিগুৰু।
তুমি মোৰ ইষ্ট নিষ্ঠ দেৱ তুমি ভক্ত কল্প তৰু॥