(১৪৫)
যাৰ যিবা শক্তি অনুসাৰে দিতে পাৰে।
সংসাৰ বান্ধ এৰাইবেক শ্ৰীকৃষ্ণ বৰে॥
ভক্তি কৰি নিতে চিন্তয় যিতোজনে।
গুৰুৰ কৃপায় তাক নেৰয় ধনে জনে॥
যেহিজনে ভক্তি কৰি চিন্তে গুৰু নাম।
শুদ্ধ চিত্তে চলি যায় বৈকুণ্ঠৰ ধাম॥
হেনজানি গুৰুভক্ত ত্যজিয়া ভাগৰ।
গুৰুক ভজিয়া তৰা পাপৰ সাগৰ॥
ভণে দিবাকৰে গুৰু পদে কৰে নতি।
সৰ্ব্বজনে গুৰু পদে কৰিয়ো ভকতি॥
হেনজানি গুৰুপদ কৰিয়োক সাৰ।
কলিত অপৰ ধৰ্ম্ম নাহি নাহি আৰ॥
ঘোষা-
হৰিদেৱ কিনো কৃপা ভৃত্যক কৰিলা প্ৰভূ,
বিজ্ঞান প্ৰদীপ মোক দিলা হৰিদেৱ।
ও ৰাম অচ্যুতৰ নাম মোৰ মুখত আহক।
দামোদৰদেৱ কৃপাকৰি কৃষ্ণ ৰাম কৃষ্ণ ৰাম।
হৰি মাধৱ দামোদৰদেৱ কৃষ্ণ ৰাম কৃষ্ণ ৰাম॥
ঘোষা-
কৃষ্ণ কৃষ্ণ ৰাম জয় জয় ৰাম নামা হৰিদেৱ।
গোবিন্দ গোবিন্দ নমো হৰিদেৱ গোবিন্দ ৰাম ৰাম।
গীত—
ভজ মন কৃষ্ণৰ চৰণ। কৃষ্ণ বিনে গতি নাহি আন॥
নীল জলদ তনু মদন মোহন জানু
হৃদি মাজে দেখা দিয়া গৈলা।